Assams Geographical and social changes for competitive exams Grade 3 or 4

Assams Geographical and social changes for competitive exams Grade 3 or 4

{fullWidth}

অসমৰ ভৌগোলিক আৰু সামাজিক পটভূমি






ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য (বর্তমান ছিকিম প্রদেশকো উত্তৰ- পূব ভাৰতৰ ভিতৰত সংযুক্ত কৰি দিয়াত ইয়াৰ মুঠ ৰাজ্যৰ সংখ্যা আঠখনলৈ বৃদ্ধি পাইছে) আগুৰি থকা অঞ্চলটোৰ কেন্দ্ৰবিন্দুত থকা ৰাজ্যখনেই হ'ল অসম। প্রায় ৭৮,৫২০ বর্গ কিলোমিটাৰ আয়তনৰ এই অসম ৰাজ্যখন প্রধানভাবে ব্রহ্মপুত্র উপত্যকাকেন্দ্রিক হ'লেও ইয়াৰ ভিতৰত বৰাক উপত্যকাৰো এক প্রধান অংশ সোমাই আছে। ভৌগোলিকভাবে বিচ্ছিন্ন, দুর্গম উত্তৰ-পূব প্ৰান্তত অৱস্থিত হ'লেও অসম এখন অতি প্রাচীন জনবসতিৰ ঠাই। অসমৰ ইমূৰৰপৰা সিমূৰলৈকে বিস্তৃত বিশাল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰতেই গঢ় লৈ উঠিছিল ইয়াৰ প্ৰাচীন সভ্যতাই, ইয়াতেই ঠন ধৰি উঠিছিল প্রাচীন প্রাগজ্যোতিষ বা কামৰূপ ৰাজ্য। এই প্রাগজ্যোতিষ বা কামৰূপ ৰাজ্যক এতিয়াও ঐতিহাসিকসকলে অসমৰ প্ৰাচীন ঐতিহাসিক ৰূপ বুলি ক'ব খোজে। কিন্তু আজিৰ অসম বুলিলে আমি ধুবুৰীৰৰপৰা আৰম্ভ কৰি শদিয়ালৈকে আৰু দক্ষিণ-পশ্চিমে কাছাৰ পর্যন্ত সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু সুৰমা উপত্যকাৰ যি অঞ্চলটোক বুজোঁ, প্রাচীন কালৰ প্ৰাগজ্যোতিষ-কামৰূপ বা কামৰূপ-কমতা আদি বিভিন্ন নামেৰে বিভিন্ন সময়ত পৰিচিত ৰাজ্যখনৰ লগত ইয়াৰ ভৌগোলিক

Saraighat Year Book, Assam Year Book.




Also Visit

Other Results link: Click

Admit Card Link: Click

Admission: Click

Scholarship: Click



অবয়ৱৰ পাৰ্থক্য নথকা নহয়। আচলতে আজিৰ অসম নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত গঢ়ি উঠা সেই প্রাচীন ৰাজ্যখনৰ ভৌগোলিক ক্রমবিকাশহে। সেইবাবেই প্ৰাগজ্যোতিষ-কামৰূপৰ ইতিহাসক বাদ দি অসমৰ ইতিহাস চর্চা সম্পূর্ণ নহয়।

প্রাচীন ফ’লি আৰু সাহিত্যসমূহত 'প্রাগজ্যোতিষ' নামটো ‘লৌহিত্য' (লোহিত, লুইত) বা ব্রহ্মপুত্ৰেৰে একে কৰিও দেখুওৱা হৈছিল। আনকি বহু সময়ত ‘লৌহিত্য' শব্দেৰে প্ৰাগজ্যোতিষ ৰাজ্যৰ ভৌগোলিক অঞ্চলখিনিকো বুজোৱা হৈছিল। এই কথাৰপৰা অনুমান কৰিব পাৰি যে, প্রাক্‌-আহোম যুগৰ বৃহত্তম ৰাজ্যখন ব্ৰহ্মপুত্র উপত্যকাতেই কেন্দ্রীভূত হৈ আছিল। তদুপৰি, প্ৰাগজ্যোতিষ নামৰ লগত 'কামৰূপ' নামটোও ব্যৱহাৰ কৰি দুয়োটা নামকে প্রায় একাকাৰ কৰা হৈছিল। গতিকে, প্রাগজ্যোতিষ, লৌহিত্য আৰু কামৰূপ — এই কেউটা শব্দই ৰাজ্যখনৰ নাম অৰ্থত ব্যৱহাৰ হৈছিল।

প্রাগজ্যোতিষ নামৰ উৎপত্তিৰ বিষয়ে বিভিন্ন পণ্ডিতৰ বিভিন্ন ধাৰণা থকা দেখা যায়। প্রত্নতাত্ত্বিক ৰাজমোহন নাথৰ মতে, প্রাচীন চীনদেশীয় চাও থিয়াচ্ নামৰ এক প্ৰবজনকাৰী জাতিৰ এটা অংশই এই ঠাইলৈ আহি বসবাস কৰিবলৈ লোৱাৰ পিছত এইসকল লোক ‘প্রাগজ্যোথিচ্” নামে জনাজাত হয় আৰু তেওঁলোকৰ নামানুসাৰেই পিছত এই অঞ্চলৰ নাম হয় 'প্ৰাগজ্যোতিষ'। ড° বাণীকান্ত কাকতিৰ মতে, 'প্ৰাগজ্যোতিষ' অষ্ট্ৰিক ভাষাৰ শব্দ— ইয়াৰ অৰ্থ বিস্তীর্ণ পাহাৰীয়া অঞ্চল। ‘সাংখ্যায়নগৃহসংগ্রহ' নামৰ পুথিত ইয়াক প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ ঠাই বুলি উল্লেখ কৰিছে আৰু সূৰ্য পূজাৰ দেশ হিচাপে পবিত্ৰ স্থান বুলি জ্ঞান কৰা হৈছে। ‘কালিকা পুৰাণ’তো উল্লেখ আছে যে এই প্রাগজ্যোতিষতেই ব্রহ্মাই প্রথম গ্রহ-উপগ্ৰহৰ সৃষ্টি কৰিছিল। এই কিংবদন্তিৰ সাক্ষ্য বহনকাৰী হিচাপে এতিয়াও গুৱাহাটী আৰু গোৱালপাৰাত নৱগ্ৰহ আৰু সূৰ্য পাহাৰ তিষ্ঠি আছে বুলি মানুহে কয়। অনুমান কৰিব পাৰি যে প্ৰাগজ্যোতিষ নামটো অসমত প্ৰচলিত আন বহুতো সংস্কৃতকৃত নাম বা শব্দৰ দৰেই কোনো থলুৱা বা জনজাতীয় মূলৰ । আৰ্য-সংস্কৃতি বিস্তাৰৰ সময়ত সেই মূলকে সংস্কৃতায়ন কৰি জ্যোতির্বিদ্যা চৰ্চাৰ লগত জড়িত কৰা হৈছে আৰু মঠ-মন্দিৰ বা পর্বত- পাহাৰ একোটাক সেই নামেৰে পৰিচয় কৰিবলৈ বিচৰা হৈছে।

খ্রীষ্টীয় চতুর্থ শতিকা মানৰ পিছৰপৰা কামৰূপ নামটো প্ৰাগজ্যোতিষ নামৰ লগত কেতিয়াবা একেলগে আৰু কেতিয়াবা স্বাধীনভাবে ব্যৱহাৰ হোৱা দেখা যায় । এতিয়ালৈকে আবিষ্কৃত হোৱা প্রাচীন তথ্যসমূহৰ ভিতৰত গুপ্ত সম্রাট সমুদ্রগুপ্তৰ (খ্রীঃ ৩৫০-৩৭৫/৮০) এলাহাবাদৰ বিখ্যাত স্তম্ভলিপিত কামৰূপ নামটো প্ৰথম খোদিত কৰা দেখা যায়। ঐতিহাসিক কালৰ সংস্কৃত সাহিত্যৰাজিৰ ভিতৰত সৰ্বপ্ৰথমে কালিদাসৰ 'রঘুবংশ' নামৰ গ্ৰন্থতে 'কামৰূপ' নামটোৰ ব্যৱহাৰ কৰা দেখা যায়। যি কি নহওক খ্রী: দ্বাদশ/ত্রয়োদশ শতিকামানলৈকে এই কামৰূপ নামেৰেই প্রাচীন ৰাজ্যখনক জনা গৈছিল। বৰ্তমান কামৰূপ জিলাৰ নামটো সেই প্রাচীন কামৰূপ নামবেই অৱশিষ্ট মাথোঁ। এই কামৰূপ নামটোও অনাৰ্য মূলৰ পৰাই উদ্ভৱ হৈছে বুলি গৱেষকসকলে মন্তব্য কৰে। 'গো-পথ ব্ৰাহ্মণত লিপিবদ্ধ কৰা কাহিনী মতে শিৱৰ দাবানলত পতিত হৈ হিন্দুৰ প্ৰেমৰ দেৱতা কামদেৱ মৃত্যুমুখত পৰে। পিছত অৱশ্যে শিৱৰ ইচ্ছাতেই তেওঁ পুনৰ জীৱন লাভ কৰে। সেই কাৰণেই প্রাচীন প্রাগজ্যোতিষৰ নাম 'কামৰূপ' হয়। ডঃ বাণীকান্ত কাকতিৰ মতে, কামৰূপ শব্দটো মূল চান্থালী ‘কামৰূ’ বা ‘কামৰূত ৰূপৰা আহিছে, যাৰ অর্থ যাদু বা প্রেতাত্মা আহ্বান কৰা বিদ্যা। গতিকে অনুমান হয় যে মূল থলুৱা সংস্কৃতিৰ ৰূপান্তৰ ঘটাই নতুন এক সংস্কৃতিৰ অৱতৰণ প্ৰক্ৰিয়াৰ ফলতেই কামৰূপ নামৰ উৎপত্তি। ইও এক সংস্কৃতকৰণ।

বহুতো পণ্ডিতৰ মতে, এই প্রাগজ্যোতিষ বা কামৰূপ (ৰাজ্য বা ঠাইখন) ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত নাছিল। উদাহৰণস্বৰূপে, ৰমেশ চন্দ্ৰ মজুমদাৰৰ মতে অতি প্রাচীন কালত উত্তৰ-পশ্চিম ভাৰতত প্ৰাগজ্যোতিষ নামৰ এখন ৰাজ্য আছিল। উৰিষ্যাৰ ভৌমকাসকলেও প্ৰাচীন কামৰূপৰ নৰক, ভগদত্ত বংশৰ ৰজাসকলৰ দৰে নিজকে 'ভৌম' বংশৰ লোক বুলি পৰিচয় দিছিল। গতিকে উৰিষ্যাতো তেনে এখন ৰাজ্য প্ৰাচীন কালত থকাতো অসম্ভৱ নহয়। আন কোনো কোনোৰ মতে, ই ভাৰতৰ পশ্চিম অঞ্চলৰ কাথিৱাৰ অঞ্চলত বা পঞ্জাৱত আছিল। কিন্তু এই কথা মনত ৰাখিব লাগিব যে, অকল প্রাগজ্যোতিষেই কিয়, অন্য বহুতো ঠাইৰ নামো ভাৰতৰ ভিন ভিন ঠাইত পুনঃ পুনঃ পোৱাৰ কথা শুনা যায়। আর্য- সংস্কৃতি বিস্তাৰৰ লগে লগে একোডোখৰ ঠাইত একো একোটা ৰাজনৈতিক- সংস্কৃতিৰ গাঁথনিয়ে গঢ় লৈ উঠিছিল। সেই সেই সাংস্কৃতিক গাঁথনিৰ লগত জড়িত....More




Last Date of this online application is on : 00/00/2023 Don't wait till last date, Because Due to server issue sometimes sites are not responding properly. So Apply As soon as Quickly .

On our team best, All updated official job Notification/Results/Admission/Scholarship Are Re Advertising through our site. There's no any false or liable information anything about job. Here updated All Information are generated  officially.


Disclaimer: We (NotunJob.in) are not The official Web Portal of ### nor related to ###. The information provided hereby us is for reference purposes only and all users or visitors are advised to visit the official website (https://######.com) for more details.{alertWarning}

Post a Comment

Previous Post Next Post

Ads

Article Ads