মানৰ অসম আক্ৰমণৰ সবিশেষ - State level exams

মানৰ অসম আক্ৰমণৰ সবিশেষ - State level exams

 
 

অষ্টাদশ শতিকাৰ দ্বিতীয়ভাগত ব্ৰহ্মদেশৰ ৰজাই পশ্চিম দিশত ৰাজ্য বিস্তাৰ আৰম্ভ কৰিছিল। সেইসময়ত ব্ৰহ্মদেশৰ ৰজা আছিল আলাংপায়া। তেওঁ দুবাৰ মণিপুৰ আক্ৰমণ কৰিছিল। আকৌ ছিংবুছিম নামৰ ৰজাজনৰ ৰাজত্বকালত, ১৭৬৫ চনত মান সেনাই কেইবা হাজাৰ মণিপুৰী লোকক বন্দী কৰি ব্ৰহ্মদেশলৈ গৈছিল। মণিপুৰী ৰজা জয়সিংহক দেশৰ পৰা বিতাড়িত কৰা হৈছিল। ১৭৮২ চনলৈ মণিপুৰৰ ওপৰত মান সেনাৰ আক্ৰমণ চলিয়েই আছিল।
১৭৮৪ চনত মান ৰজাই বদৌপায়াৰ আমোলত আৰাকান প্রদেশ আক্ৰমণ কৰি দখল কৰে। আৰাকান দখল কৰাৰ লগত মান ৰজাৰ সীমান্ত চট্টগ্রাম বন্দৰলৈ বিস্তৃত হয়। এই অৱস্থাত মান আৰু ইংৰাজ দুয়ো অন্তৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হৈছিল আৰু লগতে পৰস্পৰে পৰস্পৰৰ ৰাজনৈতিক প্রতিদ্বন্দ্বী হিচাপে পৰিণত হয়। আরাকান দখল কৰাৰ পিছৰে পৰা মানসকলে তেওঁলোকৰ সীমা অসমৰ পিনে সম্প্ৰসাৰিত কৰাৰ চেষ্টা কৰি আছিল।
১৮১৯ ৰ পৰা ১৮২৩ চনৰ কালছোৱাত মণিপুৰ পুনৰ আক্ৰমণ কৰি মান সেনাই মৰজিৎ সিংহ, গম্ভীৰ সিং আৰু সুৰজিৎ সিংহ বোলা তিনিওজন ৰাজকুমাৰক দেশৰ পৰা বহিস্কাৰ কৰে। ৰাজকুমাৰসকল কাছাৰলৈ পলায়ন কৰাত মান সকলে কাছাৰ আক্ৰমণ কৰে। শেষত উপায়ন্তৰ হৈ কাছাৰৰ ৰজা গোবিন্দচন্দ্ৰ মান ৰজাৰ শৰণাপন্ন হয়। এনে সময়তে অসমত আভ্যন্তৰীণ কন্দলৰ সূত্ৰপাত হয়।



সেই সময়ত বুঢ়াগোহাঁই পদত অধিস্থিত হৈছিল পূর্ণানন্দ। পূর্ণানন্দ বুঢ়াগোহাঁইৰ দৌৰাত্ম্য আৰু স্বেচ্ছাচাৰিতাৰ সীমা চেৰাই গৈছিল। আহোম ৰজা চন্দ্ৰকান্ত সিংহ আৰু বদনচন্দ্ৰ বৰফুকনৰ আমন্ত্রণ মৰ্মে ১৮১৭ চনৰ মাৰ্চ মাহত মান বজাই প্রথম আহোম ৰাজনীতিত হস্তক্ষেপ কৰিছিল। এই ঘটনাৰ বাবে যদিও বদন চন্দ্ৰ বৰফুকনক দায়ী কৰা হয় পূর্ণানন্দ বুঢ়াগোহাঁয়ো ইয়াৰ বাবে সমানে দায়ী আছিল। পোনতে বদন চন্দ্ৰ বৰফুকনে ব্ৰিটিছৰ পৰা সামৰিক সাহায্য বিচাৰিছিল কিন্তু তেওঁলোক নেপালৰ বিৰুদ্ধে যুদ্ধত লিপ্ত থকাত সাহায্য নিদিলে।

ব্যৰ্থ হৈ বদন চন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশৰ ৰজা বদৌপায়াৰ পৰা সামৰিক সাহায্য বিচাৰিলে। মানৰজাই বদনৰ নেতৃত্বত ৬০০০ সৈনিক পঠিয়াইছিল। বদন বৰফুকনে পাটকাই পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বদনৰ আগমন ৰোধ কৰিবলৈ সৈন্য বাহিনী প্ৰেৰণ কৰে। মান সেনাৰ হাতত ঘিলাঝাৰীৰ যুদ্ধত আহোম সেনা পৰাভূত হয়। এই পৰাজয়ৰ বাতৰি পায়েই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়। এই অভিযানৰ অন্ত পেলাই মান সেনাই প্রত্যাৱৰ্তন কৰে।



প্ৰকৃততে, মানৰ প্ৰথম আক্রমণ হৈছিল বদন চন্দ্ৰ বৰফুকনৰ হত্যাৰ পিছত। বদন চন্দ্ৰৰ হত্যা হৈছিল ১৮১৭ চনৰ আগষ্ট মাহত। মান ৰজাই এই কথাত অসন্তুষ্ট হৈ কিয়ামিংগিৰ আৰু আলুমিংগিৰ নেতৃত্বত প্ৰায় ১০,০০০ সৈন্য দি অসম আক্ৰমণ কৰিব পঠিয়ায়। এইটোকে মানৰ প্ৰথম আক্ৰমণ বুলিব পাৰি। এই আক্ৰমণৰ ফলত অসম প্ৰথমবাৰৰ বাবে মানৰ শাসনাধীন হয়। তেওঁলোকে -পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি চন্দ্ৰকান্ত সিংহক ৰজা পাতে। চন্দ্রকান্ত সিংহ মানৰ তলতীয়া হ'বলৈ টান পোৱাত যোগেশ্বৰ সিংহক ৰজা পাতে। ১৮১৯ চনৰ মানৰ ৰজা বদৌপায়াৰ মৃত্যু হয় আৰু বাগিদাও বামাৰ ৰজা হয়। তেওঁৰ দিনত মানৰ আক্ৰমণ আৰু ভয়াবহ হৈ উঠে। সেই সময়ত মানৰ উপৰিও বহুতো অসমীয়া লোকে ছদ্মবেশী হৈ দেশীয় লোকৰ ওপৰত উপদ্রব হৈছিল।

এই সময়তে মান আৰু ইংৰাজৰ মাজত সামৰিক সংঘৰ্ষৰ সূত্ৰপাত হয়। এই যুদ্ধত মানসকলে পৰাজয় বৰণ কৰি উজনি অসম ত্যাগ কৰিছিল। মান আৰু ইংৰাজৰ মাজত ইয়ান্দাবু নামৰ এখন ঠাইত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এক সন্ধিপত্র স্বাক্ষৰিত হৈছিল। এই সন্ধিমতে মানজাই অসম, কাছাৰ আৰু মণিপুৰৰ ওপৰত সকলো অধিকাৰ পৰিত্যাগ কৰিছিল আৰু সেই সকলোবোৰ অধিকাৰ ইংৰাজৰ হাতলৈ আহিছিল ।


ইয়াণ্ডাবু সন্ধি স্থাপন কৰাৰ লগে লগে প্রথম ইংগ-বর্মী যুদ্ধৰো সামৰণি পৰে। ১৮২৬ খৃঃৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত এই সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছসকলৰ অনুকূলে হৈছিল। তেওঁলোক উল্লেখযোগ্যভাৱে লাভৱান হৈছিল। ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে (১) বৰ্মী ৰজাই ব্ৰিটিছৰ যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ এক কোটি টকা পৰিশোধ কৰিবলগীয়া হৈছিল। (২) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ দুখন ইংৰাজ কোম্পানীক সমৰ্পন কৰিব লগা হৈছিল। (৩) অসম কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত কৰ্মীসকলে আৰু কোনো প্ৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰা হ'ল। মণিপুৰক স্বাধীন ৰাজ্য হিচাপে বৰ্মী ৰজাই স্বীকৃতি দিব লগা হ'ল। (৫) আভাত এজন ব্ৰিটিছ ৰেছিডেণ্ড ৰাখিবলগীয়া হ'ল। ইয়াৰ বিনিয়মত বৰ্মীৰজাই এজন দূত ৰাখিবলৈ অধিকাৰ পালে। তদুপৰি ব্ৰিটিছৰ আৰু বৰ্মীসকলৰ মাজত এখন বাণিজ্যিক চুক্তিও সম্পন্ন কৰা হ'ল। ইয়াৰ দ্বাৰা বৃটিছসকলে ব্ৰহ্মদেশত বাণিজ্য কৰাৰ সুবিধা পালে সম্পূৰ্ণ পঢ়িবলৈ ইয়াত টিপক 






In the second half of the eighteenth century, the kings of Burma began to expand their kingdom westwards. Alangpaya was the king of Burma at that time. He invaded Manipur twice. In 1765, during the reign of King Singbusim, the Man army captured thousands of Manipuris and went to Burma. The Manipuri king Jai Singh was expelled from the country. Until 1782, the Manchu army continued to invade Manipur.

In 1784, the Man kings invaded and conquered Arakan under Badaupaya. With the conquest of Arakan, the borders of the Man kings extended to the port of Chittagong. In this situation, both the Mans and the British shared international borders and became political rivals. After the conquest of Arakan, the Mans were trying to expand their borders towards Assam.

Between 1819 and 1823, the Man army invaded Manipur again and expelled the three princes, Marjit Singh, Gambhir Singh and Surjit Singh. The princes fled to Kachar and the Mans invaded Kachar. Finally, the king of Kachar, Govinda Chandra, took refuge with the Man king. It was during this time that internal conflict broke out in Assam.

Purnananda was the Burhagohai at that time. There was a lot of violence and arbitrariness in Purnananda Buragohain. He was the first to intervene in Ahom politics in March 1817 at the invitation of the Ahom kings Chandrakant Singh and Badan Chandra Barphukan. Although Badan Chandra Barphukan is blamed for this incident, Purnananda Buragohain was equally responsible for it. Initially, Badan Chandra Barphukan sought military assistance from the British but they did not help him in the war against Nepal.

Failing, Badan Chandra Barphukan sought military assistance from King Badaupaya of Burma. The Man king sent 6,000 soldiers under the command of Badan. Badan Barphukan crossed the Patkai and entered Assam. Purnananda Buragohain sent troops to prevent the arrival of Badan. The Ahom army was defeated by the Man army at the Battle of Ghilajhari. Purnananda Buragohain died on hearing of this defeat. The Manchu army returned after ending the campaign.


In fact, the first invasion of the Mans was after the assassination of Badan Chandra Barphukan. Badan Chandra was assassinated in August The Man king was dissatisfied with this and sent about 10,000 troops under the command of Kiamingi and Alumingi to invade Assam. This was the first invasion of the Manchuria. This invasion brought Assam under Man rule for the first time. They -deposed Puranda Singh and made Chandrakant Singh king. Chandrakant Singh found it difficult to submit to the Mans and made Yogeshwar Singh king. In 1819, the Manchu king Badaupaya died and Bagidao became king of Bama. During his reign, the Manchu invasions became even more severe. At that time, many Assamese people besides the Mans in disguise attacked the indigenous people.

This was the time when military conflict broke out between the Mans and the British. The Mans were defeated in this battle and left southern Assam. A treaty was signed between the Mans and the British at Yandabu on 24 February According to this treaty, Manzai renounced all rights over Assam, Kachar and Manipur and all those rights came into the hands of the British.





The Treaty of Yandabu also ended the First Anglo-Burmese War. The treaty was signed on 24 February 1826 at Yandabu between the British Company and the King of Burma. The terms of the treaty were in favor of the British. They were remarkably profitable. According to the terms of the Treaty of Yandabu, (1) the Burmese king had to pay Rs. 1 crore as compensation for the British war. (2) The provinces of Arakan and Tenasserim had to be surrendered to the British Company. (3) The workers could no longer intervene in the states of Assam, Kachar and Jaintia. The Burmese king had to recognize Manipur as an independent state. (5) A British Resident had to be kept in Abha. In exchange, the Burmese king was entitled to keep an envoy. A trade agreement was also signed between the British and the Burmese. This allowed the British to trade in Burma. Fully Read...

Post a Comment

Previous Post Next Post

Ads

Article Ads