Assams Geographical and social changes part 2

Assams Geographical and social changes part 2

{fullWidth}

অসমৰ ভৌগোলিক আৰু সামাজিক পটভূমি 





বহুতো পণ্ডিতৰ মতে, এই প্রাগজ্যোতিষ বা কামৰূপ (ৰাজ্য বা ঠাইখন) ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত নাছিল। উদাহৰণস্বৰূপে, ৰমেশ চন্দ্ৰ মজুমদাৰৰ মতে অতি প্রাচীন কালত উত্তৰ-পশ্চিম ভাৰতত প্ৰাগজ্যোতিষ নামৰ এখন ৰাজ্য আছিল। উৰিষ্যাৰ ভৌমকাসকলেও প্ৰাচীন কামৰূপৰ নৰক, ভগদত্ত বংশৰ ৰজাসকলৰ দৰে নিজকে 'ভৌম' বংশৰ লোক বুলি পৰিচয় দিছিল। গতিকে উৰিষ্যাতো তেনে এখন ৰাজ্য প্ৰাচীন কালত থকাতো অসম্ভৱ নহয়। আন কোনো কোনোৰ মতে, ই ভাৰতৰ পশ্চিম অঞ্চলৰ কাথিৱাৰ অঞ্চলত বা পঞ্জাৱত আছিল। কিন্তু এই কথা মনত ৰাখিব লাগিব যে, অকল প্রাগজ্যোতিষেই কিয়, অন্য বহুতো ঠাইৰ নামো ভাৰতৰ ভিন ভিন ঠাইত পুনঃ পুনঃ পোৱাৰ কথা শুনা যায়। আর্য- সংস্কৃতি বিস্তাৰৰ লগে লগে একোডোখৰ ঠাইত একো একোটা ৰাজনৈতিক- সংস্কৃতিৰ গাঁথনিয়ে গঢ় লৈ উঠিছিল। সেই সেই সাংস্কৃতিক গাঁথনিৰ লগত জড়িত গোষ্ঠী, শ্ৰেণী আৰু পৰিয়ালৰ সম্প্ৰসাৰণ আৰু প্ৰতিষ্ঠাৰ স্বাৰ্থত কিছুমান কাহিনী গঢ়ি লোৱা হৈছিল, আৰু তেনেদৰেই সেই সেই ঠাইত গোষ্ঠী বা একোটা পৰিয়ালৰ কৰ্তৃত্ব প্রতিষ্ঠা কৰা হৈছিল। গতিকে, একে নামৰ ঠাই বেলেগ বেলেগ প্ৰান্তত পোৱা গৈছিল আৰু সেইবোৰক একোটা পৌৰাণিক আখ্যানৰ যোগে ন্যায্য মৰ্যাদা দিয়া হৈছিল। গতিকে ভাৰতৰ বেলেগ বেলেগ ঠাইত প্ৰাগজ্যোতিষ নামৰ ঠাই এখন থকাৰ উল্লেখ পালেও, ব্রহ্মপুত্র উপত্যকাতো থকা প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্য এখন থাকিব পাৰে। বৰঞ্চ, আন সকলোবোৰ ঠাইৰ তুলনাত এইখনহে বোধহয় সৰ্বপ্ৰথম আৰু অধিক জনাজাত আছিল।


ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনিভাগত প্ৰায় ছশ বছৰ কাল ৰাজত্ব কৰি যোৱা আহোমসকলৰ নামানুসাৰে খ্রীঃ পঞ্চদশ বা ষোড়শ শতিকাৰপৰা তেওঁলোকৰ অধিকৃত অঞ্চলটোক বুজাবলৈ 'অসম' নামটো প্ৰচলিত হয় আৰু এই ৰাজ্যখনেই পিছলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে। লগে লগে প্রাচীন প্রাগজ্যোতিষ-কামৰূপ-কমতা ৰাজ্যৰ অস্তিত্বও এই নামৰ লগত বিলীন হৈ যায়। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত আহোম সকলকহে 'অসম' বুলি কোৱা হৈছিল।


ইংৰাজী ভাষাত লিখা ‘Assam' (আচাম্) শব্দটো ‘অসম'ৰ শব্দৰে ইংৰাজীকৰণ মাথোঁ। 'অসম' নামৰ উৎপত্তিৰ সম্পৰ্কেও ভিন্ন মত নথকা নহয়। ছাৰ এডৱাৰ্ড গেইটৰ মতে, 'অসম' শব্দেৰে স্থানীয় লোকসকলে আহোমসকলক বুজাইছিল আৰু ইয়াৰ অন্তৰ্নিহিত অর্থ আছিল পৰাক্ৰমী বা যাক সহজে পৰাভূত কৰিব পৰা নাযায় ৷ ড° বাণীকান্ত কাকতিৰ মতে 'অসম' শব্দটো টাই ভাষাৰ শব্দ ‘আচাম’(āchām ) ব সংস্কৃতকৰণহে, যাৰ অৰ্থ হয় ‘অপৰাজেয়' বা 'অতুলনীয়'। ব’ডেন প’রেলে (Boden Powell ) তেওঁৰ Indian Village Community নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, অসম নামটো বড়ো ভাষাৰ শব্দ ‘হাচোম্' (Hasom) ৰপৰা আহিছে আৰু ইয়াৰ অৰ্থ দ-মাটি। দেখা যায় যে অসম নামৰ বৰ্তমান ঠাইখনক ওপৰত উল্লেখ কৰা আটাইকেইটা যুক্তিৰেই বুজাব পাৰি। ‘দেওধাই অসম বুৰঞ্জীত উল্লেখ আছে— উজনি অসমৰ স্থানীয় মৰাণ-বৰাহী আদি লোকসকলক চুকাফাৰ লগৰীয়াসকলে নিজকে ‘আহোম' বুলি পৰিচয় দিছিল। স্থানীয় লোকসকলে সেই কাৰণেই ধাৰণা কৰিছিল যে এই (নতুনকৈ অহা লোকসকল দেওলগা মানুহ অর্থাৎ 'আহম' – অর্থ অপৰাজেয়। গতিকে বুৰঞ্জীখনৰ তথ্যৰপৰা পৰিষ্কাৰভাৱে জানিব পাৰি যে, অসমলৈ অহাৰ সময়ত তেওঁলোক 'আহোম' নামেৰেই পৰিচিত আছিল। ভাষাতত্ত্ববিদ সুনীতি কুমাৰ চেটাৰ্জীৰ মতে- 'আহোম' শব্দটো (বা অসম) নিজা পৰিচয় সূচক আহোমসকলৰেই এটা জনজাতীয় স্তৰৰ শব্দ। তেওঁৰ মতে ব্ৰহ্মদেশলৈ প্ৰবজন কৰি অহাৰ সময়ত শান জাতিৰ লোকসকলক ব্রহ্মদেশীয় লোকে 'হোৱাম’ (Rhwam) বুলি মাতিছিল। কালক্ৰমত এই 'হোৱাম' শব্দৰে ৰূপান্তৰ ঘটি 'আহোম' শব্দৰ উৎপত্তি হৈছে— যাক আধুনিক ব্ৰহ্ম ভাষাত শান বুলি কোৱা হয়। (Rhwam→Yhwam → Hyam→ Cyam -> Sham) 1* ড. বাণীকান্ত কাকতিৰ মতে— 'অপরাজেয়' অর্থসূচক টাই ভাষাৰ āchām' শব্দৰপৰা 'অসম' শব্দৰ উৎপত্তি হৈছে। মূল = Cham পৰাজেয় āchām - অপৰাজেয়।" গতিকে দেখা যায় আহম, শান্, চাম্, এইকেইটা শব্দৰ মূল আৰু অৰ্থ একেই; আৰু ‘আহোম' শব্দৰ উৎপত্তি স্থল। সেয়ে আহম' বা 'আহোম' – মূলতে আহোমসকলৰেই যে এটা লগৰীয়া শব্দ আছিল তাত সন্দেহ নাই। 'অসম' শব্দ এই আহম বা আহোম শব্দৰেই আৰ্যীকৰণ ৰূপহে। সেই কাৰণেই মধ্য যুগৰ বৈষ্ণৱ সাহিত্যসমূহত 'অসম' শব্দৰে আহোমসকলক বুজোৱা হৈছিল আৰু পিছফালে আহোমৰ ৰাজ্যখনকো 'অসম' বুলি কোৱা হৈছিল। কথাগুৰু চৰিত ত উল্লেখ আছে যে— উজনিৰ মানুহৰ ব্যৱহাৰ প্ৰণালীক নামনিৰ মানুহে 'অহমীয়া' (আহোমীয়া) বুলিছিল। গতিকে দেখা যায় যে, 'অসমীয়া' শব্দ 'অহমীয়া' বা 'আহোমীয়া' শব্দৰে নামান্তৰ মাথো। 'অসমীয়া' বা 'আহোমীয়া' শব্দটো সেই কালত বিশেষণ ৰূপেহে ব্যৱহৃত হৈছিল আৰু ই উজনি অসমৰ লোকৰ ক্ষেত্ৰতহে প্রযোজ্য আছিল।


বর্তমান অসমখন প্রাচীন কামৰূপ বা প্রাগজ্যোতিষ ৰাজ্যৰ প্ৰকৃত ভৌগোলিক প্রতিভূ নহয়। সেয়ে আজিৰ অসমৰ ভৌগোলিক পৰিসীমাৰ মাধ্যমেৰে কামৰূপ বা প্রাগজ্যোতিষৰ চাৰিসীমা অনুমান কৰি লোৱাটো সমীচীন নহয়, বা তাৰ যৌক্তিকতাও নাই। আনহাতে এই ৰাজ্যৰ প্ৰাচীনকলীয়া চাৰিসীমাও স্পষ্টভাৱে উল্লেখ পোৱা টান। প্রাপ্ত ঐতিহাসিক সমলৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে, কামৰূপ প্ৰাগজ্যোতিষৰ পৰিসীমা বিভিন্ন সময়ত অপৰিৱৰ্তিত নাছিল। আৰু সেইবাবে এই ভৌগোলিক পৰিসীমাই বহু শতিকাজুৰি বিশেষ এক স্থায়িত্বও লাভ কৰিব পৰা নাছিল। তথাপি, এটা কথা সুনিশ্চিত যে কামৰূপ ৰাজ্যখনৰ উত্থানৰ ভৰপক সময়ত ইয়াৰ উত্তৰে পাহাৰীয়া অঞ্চলৰ নামনিভাগ আৰু ভূটানৰ কিছু অংশ কামৰূপ ৰাজ্যৰ সীমাৰ ভিতৰত সোমাইছিল, আৰু দক্ষিণ-পশ্চিম ফালে বর্তমান বাংলাদেশৰ কিছু অঞ্চল পর্যন্ত ইয়াৰ সম্প্ৰসাৰণ হৈছিল। “মহাভাৰত ত উল্লেখ আছে যে, প্রাগজ্যোতিষৰ ৰজা ভগদত্তৰ সেনাবাহিনীৰ ভিতৰত উত্তৰৰ পাহাৰীয়া 'চীনা' আৰু দক্ষিণৰ সাগৰৰ তীৰৰ কিৰাতসকলো আছিল। এনে তথ্যৰপৰা অনুমান কৰিব পাৰি যে, ভগদত্তৰ কাহিনীভাগ মহাভাৰতত সোমোৱাৰ সময়ত প্ৰাগজ্যোতিষৰ উত্তৰ সীমাই বৰ্তমান অসমৰ উত্তৰ সীমাৰ পাহাৰীয়া অঞ্চলসমূহৰ নামনিভাগ আৰু দক্ষিণৰ তেতিয়াৰ সাগৰৰ তীৰৱৰ্তী অঞ্চললৈকে বিস্তৃত হৈ পৰিছিল। 'ৰামায়ণ'ৰ কিষ্কিন্ধ্যাকাণ্ডত প্ৰাগজ্যোতিষ ৰাজ্য সাগৰৰ তীৰৱৰ্তী বৰাহ পৰ্বতৰ ওপৰত অৱস্থিত বুলি কোৱা হৈছে। এই বৰাহ পর্বতেই অসম পার্বত্য অঞ্চল আৰু উল্লিখিত সাগৰ গংগা আৰু ব্ৰহ্মপুত্ৰ সংগমত সৃষ্টি হোৱা লৌহিত্য সাগৰ বুলি পণ্ডিতসকলে ক'ব বিচাৰে। তেওঁলোকৰ মতে এই সাগৰৰ তলত তেতিয়াও আজিৰ বাংলাদেশ আৰু পশ্চিমবংগৰ বহু ঠাই নিমজ্জিত হৈ আছিল। খ্ৰীঃ প্রথম / দ্বিতীয় শতিকামানত ইয়াৰ আয়তন কিছু বৃদ্ধি পাইছিল আৰু সাগৰৰ ফালে নতুনকৈ সৃষ্টি হোৱা অঞ্চলসমূহৰো কিছু অংশ এই ৰাজ্যৰ ভিতৰত সোমাইছিল। কিন্তু ই পূবৰ ফালে তেতিয়াও মন কৰিবলগীয়া বিস্তৃতি লাভ কৰিব পৰা নাছিল। উত্তৰে দৰং আৰু দক্ষিণে নগাঁও অঞ্চল তেতিয়াও ইয়াৰ বাহিৰতে আছিল যেন অনুমান হয়। খ্রীঃ চতুর্থ শতিকাৰ মাজভাগত এই নগাঁৱতেই দবকা নামৰ আৰ্যীকৰণৰ আওতালৈ অহা যিখন স্বাধীন জনজাতীয় ৰাজ্য থকাৰ কথা পোৱা যায়, তাৰ বাসিন্দাসকলে নিশ্চয় এই অঞ্চলত খ্ৰীঃ প্ৰথম/দ্বিতীয় শতিকামানৰপৰাই ৰাজ্য প্ৰতিষ্ঠাৰ চেষ্টা কৰি আহিছিল। আনহাতে দৰং জিলাৰ অধিকাংশত ইতিমধ্যে শোণিতপুৰ ৰাজ্য থকাৰ উপৰি একেবাৰে উত্তৰ-পূবত স্বাধীন কুণ্ডিল ৰাজ্য গঢ় লৈ উঠিছিল। এই কেউখন ৰাজ্যই মূল কামৰূপ ৰাজ্যখনৰ বাহিৰত স্বাধীনভাৱে, কিন্তু তুলনামূলকভাবে সীমিত চাৰিসীমাৰ ভিতৰত গঢ় লৈ উঠিছিল। এই কেউখন ৰাজ্যই সংস্কৃতকৰণ প্ৰক্ৰিয়াত থকা জনজাতীয় ৰাজ্যহে আছিল।


খ্রীষ্টীয় প্রথম/দ্বিতীয় শতিকাৰ পিছৰপৰা প্ৰাগজ্যোতিষ-কামৰূপ ৰাজ্যৰ পশ্চিম সীমা কৰতোয়া নদীৰ তীৰতেই আৱদ্ধ হৈ পৰে। ইয়াৰ প্ৰধান কাৰণ আছিল সেই সময়ত উত্তৰ বংগ, বিহাৰ আৰু তাৰ সিফালে সমগ্ৰ উত্তৰ ভাৰততে সাম্রাজাৰূপী ৰাজ্য একোখন বা সৰু ডাঙৰ ৰাষ্ট্ৰবোৰ গঢ়ি উঠিছিল। অৱশ্যে সেই সময়ৰ কৰতোয়া নদীৰ অৱস্থান উত্তৰ বঙ্গৰো ভালেখিনি অঞ্চল পূবলৈ এৰিহে আছিল। পূব দিশত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে তেতিয়াও হাবি-জংঘলৰ মাজে মাজে বহু ক্ষুদ্র ক্ষুদ্র জনগোষ্ঠীয়ে বসবাস কৰি আছিল। মহাভাৰতত উল্লেখ আছে যে সেই সময়ত উত্তৰ-পূব অঞ্চলৰ পাহাৰীয়া আৰু নদী কাষৰীয়া অঞ্চলসমূহত 'চীনা' আৰু “কিৰাত' জনজাতিসকলে বাস কৰিছিল। কিন্তু চতুৰ্থ শতিকামানৰ পিছৰপৰা এই বিস্তৃতি সম্পর্কে কিছু সঠিক ধাৰণা কৰিব পৰা যায়। উত্তৰ ভাৰতৰ গুপ্ত ৰজাসকলৰ সময়ত গংগা-ব্ৰহ্মপুত্ৰৰ সংগমৰ পূৰ পাৰলৈকে কামৰূপৰ পশ্চিম সীমা বিস্তৃত আছিল। আগতে উল্লেখ কৰা হৈছে যে উদ্ধাৰ কৰা ফলিসমূহৰ ভিতৰত সম্রাট সমুদ্রগুপ্তৰ এলাহাবাদ শিলালিপিত কামৰূপ ৰাজ্যৰ নামটো প্ৰথম ব্যৱহাৰ হোৱা দেখা যায় আৰু তাত ইয়াক এখন সীমান্তৱৰ্তী (frontier) ৰাজ্য হিচাপে উল্লেখ কৰা হৈছে। কিন্তু সেই সময়তো কামৰূপ ৰাজ্যৰ পূব সীমাৰ বিশেষ বিস্তৃতি হৈছিল বুলি ক'ব নোৱাৰি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে গঢ় লোৱা শোণিতপুৰৰ জনজাতীয় ৰাজ্যখন কামৰূপ ৰাজ্যৰ হেঁচাত ভাগি-ছিগি গৈ ইয়াৰ লগত মিলি গৈছিল যদিও উত্তৰ-পূব সীমান্তত ঠন ধৰি উঠা কুণ্ডিল ৰাজ্য তেতিয়াও আজিৰ লখিমপুৰৰপৰা ডিব্ৰুগড়-শদিয়ালৈ বিয়পি আছিল। আগতেই উল্লেখ কৰি অহা হৈছে যে, দক্ষিণ পাৰেও দবকা ৰাজ্যখন সেই সময়ত স্বাধীন ৰাজ্য হিচাপেই তিষ্ঠি আছিল আৰু ষষ্ঠ শতিকামানৰ আগলৈকে ই কামৰূপ ৰাজ্যৰ ভিতৰুৱা হোৱা নাছিল। গতিকেই খ্ৰী: প্রথম শতিকাৰ পৰা আৰম্ভ কৰি জনজাতিসকলৰ মাজত উদ্ভৱ হোৱা ৰাজনৈতিক চিন্তা আৰু তাৰ ফলত সৃষ্টি হোৱা দুই-চাৰিখন ৰাজ্যৰ কাৰণে বৃহৎ কামৰূপ ৰাজ্যখনৰ ৰাজনৈতিক-ভৌগোলিক পৰিসীমা সীমিত হৈ ৰ'বলৈ বাধ্য হৈছিল। অৱশ্যে দবকা আৰু শোণিতপুৰ ৰাজ্য এসময়ত কামৰূপ ৰাজ্যৰ লগত নিঃচিহ্ন হৈ গ'লেও পূবৰ কুণ্ডিল ৰাজ্যৰ বুকুত গঢ় লৈ উঠিছিল পিছৰ যুগৰ চুতীয়া ৰাজ্য আৰু ই ষোড়শ শতিকাৰ প্ৰথমভাগলৈকে নিজস্ব স্বাধীনতা বজাই ৰাখিবলৈ সক্ষম হৈছিল। সেই সময়ছোৱাৰ ভিতৰত কামৰূপ ৰাজ্যৰ যি চৰম বিস্তৃতি লাভ হৈছিল সি বৰ্মন বংশীয় শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতেই হৈছিল। সেই সময়ত উত্তৰ-পূব আৰু দক্ষিণ-পূবে থকা পাহাৰীয়া অঞ্চলসমূহলৈকো মানুহে নিজ ৰাজ্য বুলি আঙুলিয়াব পৰা হৈছিল। চীনা পণ্ডিত হিউয়েন চাঙৰ মতে তেওঁ পুণ্ড্রবর্ধনৰ (উত্তৰ-বংগ) পূব সীমাত থকা এখন ডাঙৰ নৈ (কৰতোয়া) পাৰ হৈ কামৰূপ ৰাজ্য সোমাইছিল। গতিকে কামৰূপৰ পশ্চিম সীমা তেতিয়াও কৰতোয়াতেই সীমাবদ্ধ আছিল।






Last Date of this online application is on : 00/00/2023 Don't wait till last date, Because Due to server issue sometimes sites are not responding properly. So Apply As soon as Quickly .

On our team best, All updated official job Notification/Results/Admission/Scholarship Are Re Advertising through our site. There's no any false or liable information anything about job. Here updated All Information are generated  officially.


Disclaimer: We (NotunJob.in) are not The official Web Portal of ### nor related to ###. The information provided hereby us is for reference purposes only and all users or visitors are advised to visit the official website (https://######.com) for more details.{alertWarning}

Post a Comment

Previous Post Next Post

Ads

Article Ads