General knowledge State level || ৰাজ্যিক সাধাৰণ জ্ঞান

General knowledge State level || ৰাজ্যিক সাধাৰণ জ্ঞান



পূর্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ বঁটা:

গ্রীন অস্কাৰ বঁটা বিজয়ী ড° পূর্ণিমা দেবী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ পৰিবেশ সম্পৰ্কীয় সর্বোচ্চ সন্মান চেম্পিয়ন অব দ্য আর্থ 2022 আগবঢ়োৱা হয়। উল্লেখযোগ্য যে হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত বৰ্মনে চলাই থকা গণ আন্দোলনৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অধীনত এই বঁটা আগবঢ়োৱা হয়। পূর্ণিমা দেৱী বৰ্মনে বিলুপ্তপ্রায় হাড়গিলা সংৰক্ষণৰ বাবে তৃণমূল পৰ্যায়ৰ মহিলাসকলক লৈ নাৰী বাহিনী গঠন কৰিছে আৰু মহিলাসকলে কাপোৰত হাড়গিলাৰ ফুল তুলি সৃষ্টি কৰা সজাগতাই সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

Purnima Devi Burman receives UN award:

Green Oscar winner Dr. Purnima Devi Burman was presented with the United Nations' highest environmental honour, Champion of the Earth The UN is the environment for Burman's mass movement for eagle conservation

The award is presented under the programme. Purnima Devi Burman has formed a grassroots women's force to conserve the endangered eagle and the awareness created by the women by picking eagle flowers on their clothes has attracted attention around the world.


৪ জনলৈ সাহিত্য অকাডেমীৰ বঁটা:

২০২২ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ বঁটা অসমীয়া ভাষাৰ বাবে প্ৰদ্যুম্ন কুমাৰ গগৈলৈ 'চকী আৰু অন্যান্য গল্প' শীৰ্ষক গ্ৰন্থখনৰ বাবে আগবঢ়োৱা হয়। সাহিত্য অকাডেমীৰ যুৱ বঁটা বড়ো ভাষাৰ বাবে আগবঢ়োৱা হয় গাং ফু জানে মাছে দৌ শীর্ষক গ্রন্থখনৰ লেখক অলংবাৰ মুছাহাৰীলৈ। আনহাতে সাহিত্য অকাডেমীৰ অসমীয়া ভাষাৰ শিশু সাহিত্য বঁটা 'ডাঙৰ মানুহৰ সাধু' নামৰ গ্ৰন্থখনৰ বাবে দিগন্ত ওজালৈ আগবঢ়োৱা হয়। আনহাতে বড়ো ভাষাৰ শিশু সাহিত্য বঁটা লাং বনানি গোখালি গথো শীর্ষক গ্রন্থখনৰ বাবে দেওবাৰ ৰামচিয়াৰিলৈ আগবঢ়োৱা হয়। উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈয়ে মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰাৰ লগতে ‘ইমাজিন’ নামেৰে বিশ্ববিখ্যাত ৰক গীতসমূহৰ এখন সংকলন অসমীয়ালৈ অনুবাদ - কৰি উলিয়াইছে। আনহাতে সাংবাদিক দিগন্ত ওজাই বিশ্বযুদ্ধ আৰু অসম আন্দোলনকে ধৰি বহু কেইখন গুৰুত্বপূৰ্ণ গ্রন্থ লিখি উলিয়াইছে। দেওবাৰ ৰামছিয়াৰিয়ে অঞ্জালি ধাবা, অভাৰব্ৰীজকে ধৰি ছখন গ্ৰন্থ লিখি উলিয়াইছে। আনহাতে সাহিত্য অকাডেমীৰ যুৱ বঁটা বড়ো ভাষাৰ বাবে লাভ কৰা অলংবাৰ মুছাহাৰীয়ে ইতিমধ্যে ছখন গ্রন্থ লিখি উলিয়াইছে।


4 Sahitya Akademi Awards:

The 2022 Sahitya Akademi Youth Award for Assamese Language went to Pradyumna Kumar Gogoi for his book 'Chaki and Other Stories' The Sahitya Akademi Youth Award for Boro Language went to Alambar Musahari, author of Gang Fu Jane Mase Dau. The Sahitya Akademi Children's Literature Award in Assamese Language was presented to Diganta Oja for his book 'Dang Manuhar Sadhu' The award for children's literature in the Boro language was presented to Ramchiari for his book Lang Banani Gokhali Gatho on Sunday. The emerging storyteller Pradyumna Kumar Gogoi has won the Munin Barkatki Literature Award and translated - into Assamese a collection of world famous rock songs called 'Imagine' Journalist Diganta Oja has written several important books including World War II and the Assam Movement. Sunday Ramsiari has written six books including Anjali Dhaba and Overbridge. Alambar Musahari, who won the Sahitya Akademi Youth Award for Boro Language, has already written six books.


ঊষা মংগেশকাৰলৈ ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা:

ভাৰতৰ প্রখ্যাত কণ্ঠশিল্পী ঊষা
মংগেশকাৰলৈ ডঃ ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা আগবঢ়োৱা হয়। ১৯৩৫ চনত জন্ম গ্ৰহণ কৰা ঊষাই মাৰাঠী, মণিপুৰী, বাংলা, কান্নাড়া, নেপালী, ভোজপুৰী, গুজৰাটি, অসমীয়া ভাষাত গীত গাইছে। অসম সাহিত্য সভাই আগবঢ়োৱা এই বঁটা লাভ কৰা ঊষাই হিন্দী, মাৰাঠি, কানাড়া, নেপালি, ভোজপুৰী আৰু অসমীয়া ভাষাৰ গীতটো কণ্ঠদান কৰিছিল। এই বঁটা লাভ কৰা অন্যান্য ব্যক্তিসকল হ'ল লুবনা মৰিয়ম, অদুৰ গোপাল কৃষ্ণন, প্রসন্ন ভিঠানাগে আৰু এৰিক খু।


Bhupen Hazarika to Usha Mangeshkar Distributed international coordination:

Famous singer of India Usha Mangeshkar to
Dr. Bhupen Hazarika International Coordination Awards were presented. Born in 1935, Usha has sung in Marathi, Manipuri, Bengali, Kannada, Nepali, Bhojpuri, Gujarati and Assamese. Usha, who received the award from the Assam Sahitya Sabha, sang the song in Hindi, Marathi, Kannada, Nepali, Bhojpuri and Assamese. Other recipients of the award include Lubna Mariam, Adur Gopal Krishnan, Prasanna Vithanage and Eric Khu.


সাহিত্য অকাডেমীৰ অনুবাদ বঁটা:

অসমৰ তিনিগৰাকী অনুবাদকে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰে। অসমীয়া, বড়ো আৰু নেপালী ভাষালৈ কৰা অনুবাদৰ বাবে এই বঁটাকেইটা লাভ কৰিছে ক্ৰমে পৰী হিলৈদাৰী, ইন্দিৰা বড়ো আৰু সঞ্জীৱ উপাধ্যায়ে। উল্লেখযোগ্য যে অৰুণাচলৰ প্ৰখ্যাত সাহিত্যিক মামাং দাইৰ 'দ্য লিজেণ্ডছ অৱ পানছাম' নামৰ ইংৰাজী উপন্যাসখন ৰাজ্যৰ বিশিষ্ট সাহিত্যিক-সমালোচক পৰী হিলৈদাৰীয়ে কৰা অসমীয়া ভাঙনি 'দাঁতিপাৰৰ মানুহ' এই বঁটাৰ বাবে বিবেচিত হোৱাৰ লগতে জয়ন্তী গগৈৰ অসমীয়া উপন্যাস ‘হিড়িম্বা’ বড়ো ভাষালৈ অনুবাদ কৰি বঁটা পায় বড়ো সাহিত্যিক ইন্দিৰা বড়োৱে। আনহাতে হোমেন বৰগোহাঞিৰ বিখ্যাত উপন্যাস 'পিতা-পুত্ৰ’ নেপালী ভাষালৈ অনূদিত গ্রন্থ ‘বাবু ছোৰা'ৰ বাবে উক্ত সন্মান লাভ কৰিছে সঞ্জীৱ উপাধ্যায়ে। বঁটাৰ বাবত প্ৰতিগৰাকী অনুবাদকে ৫০ হাজাৰ টকাৰ লগতে বিশেষ মানপত্ৰ লাভ কৰে।

Sahitya Akademi Translation Award:

Three translators from Assam have been awarded the 2021 Sahitya Akademi Translation Awards. The awards were presented to Pari Hildari, Indira Boro and Sanjeev Upadhyaya for their translations into Assamese, Boro and Nepali languages respectively. The Legends of Pansam, a prominent literary critic of the state, is considered for the award for the award and the Assamese translation of the Assamese novel 'Hirimba' in Boro language. Literary Indira Boro. Sanjeev Upadhyay received the award for his translation of Homen Bargohain's famous novel 'Pita-Putra' into Nepali. Each translator received Rs 50,000 and a special certificate for the award.

Post a Comment

Previous Post Next Post

Ads

Article Ads