GI Tag and Assam : জি আই টেগ আৰু অসম GK

GI Tag and Assam : জি আই টেগ আৰু অসম GK

গামোচালৈ জি আই টেগ - GI tag for gamocha 


অসমৰ আঠ প্ৰকাৰৰ গামোচাই যোৱা ১৪ ডিচেম্বৰত জি আই টেগৰ স্বীকৃতি লাভ কৰে। এনে স্বীকৃতিয়ে গামোচাৰ অকৰ্তৃত্বশীল উৎপাদন তথা বিক্ৰীৰ ক্ষেত্ৰত আইনী সুৰক্ষা প্ৰদান কৰিব। গামোচাৰ জি আই টেগ নং হ'ল—৫৯৪। এই স্বীকৃতি লাভ কৰা আঠ প্ৰকাৰৰ গামোচা হ'ল— সাধাৰণ গামোচা, তিয়নী গমোচা, বিহুৱান, আনাকটা, দৰা বৰণ।

২০২২ চনৰ ডিচেম্বৰত গামোচাই জি আই টেগ বা সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি লাভ কৰে। গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী 1 সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয়

Whai is GI Tag?


GI tag or geographical indication of goods is a certificate or recognition of the quality and characteristics of an object or goods issued under the Intellectual Property of India (IPI). Darjeeling tea was the first product to receive the GI tag in India. India is a member of the World Trade Organization (WTO) and was the first to enact the Geographical Indications of Goods Act in 1999 and it came into force in According to the World Trade Organization Convention, a GI tag identifies the true source, specific area or territory of a product, as well as the quality, reputation, characteristics, etc. of the product confirms according to its location. The GI tag ensures that the name of a particular product in one region receiving the GI tag cannot be used in another region. As of 2019, there are about 330 products manufactured in India that have received GI tags. Five products from Assam have already received GI tags.

যদিও পাট আদি সূতাৰেও ইয়াক তৈয়াৰ কৰা হয়। গামোচাৰ দৰে বস্ত্ৰ অসমীয়াৰ বাহিৰেও বাঙালী, বিহাৰী আৰু ওড়িয়া লোকেও ব্যৱহাৰ কৰে। অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে কছাৰী আৰু কোচসকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱাসকলৰ কমলা ৰঙৰ বা ৰাভাসকলৰ ৰঙা। ইতিহাসবিদ ড° লীলা গগৈৰ মতে, আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল। মহাপুৰুষ শংকৰদেৱৰ সময়তো গামোচাৰ প্ৰচলন থকাৰ কথা জনা যায়। অসমীয়া সমাজত গামোচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক পানী-গামোচা, তামোল-গামোচা, বিহুৱান আদিৰে নামকৰণ কৰা হয় ৷



জি আই টেগ কি?


জি আই টেগ্‌ বা সামগ্ৰীৰ জিঅ'গ্ৰাফিকেল, ইণ্ডিকেশ্যন হ'ল ভাৰতৰ বৌদ্ধিক সম্পদ (Intellectual Property of India, IPI) অধীনত দিয়া বস্তুৰ বা সামগ্ৰীৰ মান আৰু বৈশিষ্ট্যসূচক প্রমাণ-পত্ৰ বা স্বীকৃতি। ভাৰতত জি আই টেগ্‌ লাভ কৰা প্ৰথমবিধ সামগ্ৰী আছিল দার্জিলিঙৰ চাহ। ভাৰত বিশ্ব বাণিজ্য সংগঠনৰ (WTO) সদস্য আৰু ১৯৯৯ চনত ভাৰতেই প্ৰথমতে Geographical Indications of Goods Act প্রণয়ন কৰে আৰু এয়া বলৱৎ হয় ২০০৩ চনত। বিশ্ব বাণিজ্য সংগঠনৰ চুক্তিত উল্লেখ কৰা মতে জি আই টেগে কোনো এবিধ সামগ্ৰীৰ প্ৰকৃত উৎস, নির্দিষ্ট এলেকা বা ভূ-খণ্ডক চিহ্নিত কৰাৰ লগতে সামগ্ৰীবিধৰ মান, সুনাম, বৈশিষ্ট্য আদি | ইয়াৰ স্থান অনুসৰি নিশ্চিত কৰে। জি আই টেগে এই কথা নিশ্চিত কৰে যে জি আই টেগ্‌ লাভ কৰা কোনো এটা অঞ্চলৰ নিৰ্দিষ্ট সামগ্ৰীবিধৰ নামটো আন কোনো অঞ্চলত ব্যৱহাৰ কৰিব নোৱাৰিব। ২০১৯ চন পর্যন্ত জি আই টেগ্‌ লাভ কৰা ভাৰতত উৎপাদিত সামগ্ৰীৰ পৰিমাণ হ'ল প্ৰায় ৩৩০ টা। অসমৰ ৫ টা সামগ্ৰীয়ে ইতিমধ্যে জি আই টেগ্ লাভ কৰিছে।

এডৱাৰ্ড গেইটৰ 'A History of Assam' গ্ৰন্থত উল্লেখ কৰা মতে ১৮ শতিকাত এখন গামোচাৰ মূল্য ৫ পইচা আছিল।

Post a Comment

Previous Post Next Post

Ads

Article Ads